তীব্ৰ হেপাটাইটিছ বি মানেএবিধ হ্ৰস্বকালীন সংক্ৰমণৰ কথা বুজায়, যিটো ব্যক্তিজনে ভাইৰাছটোৰ দ্বাৰা সংক্ৰমিত হোৱাৰ প্ৰথম 6 মাহৰ ভিতৰত ঘটে। সংক্ৰমণৰ পৰিসৰ মৃদু অসুস্থতাৰ পৰা সামান্য উপসৰ্গ বা কোনো উপসৰ্গ নোহোৱাৰ পৰা চিকিৎসালয়ত ভৰ্তি কৰিব লগা গুৰুতৰ অৱস্থাও হ’ব পাৰে।1
ক্ৰনিক হেপাটাইটিছ বি মানে হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা জীৱন জোৰা সংক্ৰমণৰ কথা বুজায়। হেপাটাইটিছ বি ভাইৰাছৰ দ্বাৰা সংক্ৰমিত 90% লৈকে কেঁচুৱাই দীৰ্ঘস্থায়ী সংক্ৰমণৰ চিকাৰ হ’ব। তাৰ বিপৰীতে, প্ৰায় 5% প্ৰাপ্তবয়স্কৰ মাজত ক্ৰনিক হেপাটাইটিছ বি বিকাশ হ’ব। সময়ৰ লগে লগে ক্ৰনিক হেপাটাইটিছ বি-য়ে যকৃতৰ ক্ষতিসাধন কৰা, চিৰোচিচ, যকৃতৰ কেন্সাৰকে ধৰি গুৰুতৰ স্বাস্থ্য সমস্যা সৃষ্টি কৰিব পাৰে আৰু আনকি মৃত্যুও হ’ব পাৰে।1
ভাৰতবৰ্ষত হেপাটাইটিছ বি সংক্ৰমণ কিমান সচৰাচৰ হয়?
বিশ্বজুৰী, কমপক্ষেও 240 মিলিয়ন লোক হেপাটাইটিছ বি ভাইৰাছৰ (এইচবিভি) দ্বাৰা সংক্ৰমিত। ভাৰতবৰ্ষত এইচবিভি বাহকৰ হাৰ প্ৰায় 3.0% আৰু জনজাতীয় জনসংখ্যাৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। 1.25 বিলিয়নতকৈও অধিক জনসংখ্যা থকা ভাৰতবৰ্ষত, 37 মিলিয়নতকৈও অধিক এইচবিভি বাহক আছে আৰু এইচবিভি সমস্যাত বৃহৎ অৰিহণা যোগায়।2
কিহৰ ফলত হেপাটাইটিছ বি সংক্ৰমিত হয়?
হেপাটাইটিছ বি ভাইৰাছে হেপাটাইটিছ বি সংক্ৰমিত কৰে। হেপাটাইটিছ বি ভাইৰাছ সংক্ৰমিত ব্যক্তিৰ তেজ, বীৰ্য বা দেহৰ আন তৰলৰ সৈতে হোৱা সংস্পৰ্শৰ দ্বাৰা বিয়পে। সংস্পৰ্শ ঘটিব পাৰে3
- হেপাটাইটিছ বি-ৰ দ্বাৰা সংক্ৰমিত এজনী মাতৃৰ গৰ্ভত জন্ম ল’লে
- সংক্ৰমিত ব্যক্তিৰ সৈতে অসুৰক্ষিত যৌনসংগম কৰিলে
- সংক্ৰমিত ব্যক্তিৰ সৈতে ঔষধৰ বেজী বা অন্যান্য ঔষধ সামগ্ৰী সহভাগ কৰিলে
- সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা এডাল বেজীৰ দ্বাৰা দুৰ্ঘটনাক্ৰমে খোঁচ খালে
- টেটু কৰা বা এনেকুৱা কোনো সঁজুলি দেহত সুমুওৱা যিবোৰ সংক্ৰমিত ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু সকলো ভাইৰাছ আৰু আন অণুজীৱবোৰ ধ্বংস কৰিব পৰাকৈ সঠিকভাবে বীজাণুমুক্ত কৰা বা পৰিষ্কাৰ কৰা হোৱা নাছিল
- সংক্ৰমিত ব্যক্তিৰ তেজ বা উন্মুক্ত ঘাঁ-ৰ সংস্পৰ্শলৈ আহিলে
- সংক্ৰমিত ব্যক্তিৰ ক্ষুৰ, টুথব্ৰাছ না নেইল কাটাৰ ব্যৱহাৰ কৰিলে
হেপাটাইটিছ বি কেনেদৰে চিকিৎসা কৰা হয়?
যিসকলৰ গুৰুতৰ হেপাটাইটিছ বি আছে, তেওঁলোকক সাধাৰণতে চিকিৎসকে জিৰণি লবলৈ, পৰ্যাপ্ত পুষ্টি, তৰল গ্ৰহণ কৰিবলৈ আৰু নিকট চিকিৎসা নিৰীক্ষণত থাকিবলৈ পৰামৰ্শ দিয়ে। কিছুমান লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন হ’ব পাৰে। ক্ৰনিক হেপাটাইটিছ বি-ৰ সৈতে জীয়াই থকা লোকসকলৰ যকৃতৰ সমস্যা মূল্যায়ন কৰা আৰু নিয়মীয়াভাবে নিৰীক্ষণ কৰা উচিত। যকৃতৰ ৰোগ মন্থৰ কৰা বা প্ৰভাৱ প্ৰতিৰোধ কৰাৰ বাবে চিকিৎসা উপলব্ধ।1
মোৰ হেপাটাইটিছ বি আছেনে কেনেকৈ জানিম?
আপোনাৰ চিকিৎসা আৰু পাৰিবাৰিক ইতিসাহ, শাৰীৰিক পৰীক্ষা আৰু তেজ পৰীক্ষাৰ আধাৰত চিকিৎসকসকলে হেপাটাইটিছ বি ৰোগ নিৰ্ণয় কৰে। যদি আপোনাৰ হেপাটাইটিছ বি আছে, তেন্তে চিকিৎসকে আপোনাৰ যকৃতৰ ট্ৰেঞ্জিয়েণ্ট ইলাষ্টোগ্ৰাফী, এক বিশেষ আলট্ৰাচাউণ্ড আৰু যকৃতৰ বায়’পছি আদিৰ দৰে কিছুমান অতিৰিক্ত পৰীক্ষা সম্পন্ন কৰিব।3
হেপাটাইটিছ বি প্ৰতিৰোধ কৰিব পাৰিনে?
হয়, পাৰি। হেপাটাইটিছ বি প্ৰতিৰোধ কৰাৰ উত্কৃষ্ঠ উপায় হ’ল টীকা লোৱা। হেপাটাইটিছ বি-ৰ টিকা সাধাৰণতে 6 মাহ সময়ত 3 টা টীকাৰ এটা শৃংখলা হিচাপে দিয়া হয়। সমগ্ৰ শৃংখলাটো দীৰ্ঘম্যাদী সুৰক্ষাৰ বাবে আৱশ্যকহয়।1
অনুগ্ৰহ কৰি মন কৰিব: আপোনাক নিৰ্দেশনা দিয়াৰ বাবে আপোনাৰ চিকিৎসকেই উত্তম ব্যক্তি। এই শিক্ষামূলক পুস্তিকাখনত থকা তথ্যসমূহ আপোনাৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসা পৰামৰ্শৰ বিকল্প নহয়। যদি আপোনাৰ চিকিৎসাজনিত অৱস্থা সম্পৰ্কে আপোনাৰ কোনো প্ৰশ্ন থাকে, তেন্তে আপোনাৰ চিকিৎসক বা অৰ্হতাসম্পন্ন স্বাস্থ্যযত্ন প্ৰদানকাৰীক সোধক।
অস্বীকাৰকৰণ:
ইয়াত প্ৰকাশিত বিষয়টো সম্পূৰ্ণৰূপে হেপাটাইটিছ সম্পৰ্কীয় তথ্য আৰু জ্ঞান বৃদ্ধিৰ উদ্দেশ্যৰ বাবেহে। যিকোনো তৃতীয় পক্ষৰ প্ৰসংগ আৰু/ বা লিংকৰ অৰ্থ এইয়া নহয় যে ই মাইলেনেৰ দ্বাৰা অনুমোদিত বা মাইলেনে ৱাৰেণ্টি দিয়ে। ইয়াত সন্নিবিষ্ট তথ্য সঠিক আৰু আপ-টু-ডেট হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে যদিও, মাইলেনে ইয়াত বিতংভাৱে বৰ্ণনা কৰা সমলৰ জৰিয়তে প্ৰচাৰিত যিকোনো তথ্যৰ শুদ্ধতাৰ বাবে কোনো প্ৰতিনিধিত্ব নকৰে আৰু ত্ৰুটি, বাদ হোৱা তথ্য আৰু ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ব্যৱহাৰৰ ফলত হোৱা কোনো ধৰণৰ আইনী বা অন্য কোনো পৰিণামৰ বাবে দায়বদ্ধ নহ'ব আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা যিকোনো দায়িত্ব স্পষ্টভাৱে প্ৰত্যাহাৰ কৰে।
হেপাটাইটিছৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। আপোনাৰ চিকিৎসক হৈছে আপোনাক পথ প্ৰদৰ্শন কৰাৰ বাবে উত্তম ব্যক্তি। ইয়াত প্ৰদান কৰা তথ্য, আপোনাৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসা পৰামৰ্শৰ সলনি নহয়।