assam_man_list
মই সকলো ফালৰপৰা ভালেই আছো

পৰীক্ষা কৰাওক
আৰু সুস্থ হওক

  • হেপাটাইটিছ চি-ৰ বাবে কোনো টিকাকৰণ ব্যৱস্থা নাই কিন্তু চিকিৎসা আছে 1

  • হেপাটাইটিছ চি-য়ে লিভাৰ নষ্ট কৰাৰ লগতে লিভাৰৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে2

  • চিকিৎসাৰ দ্বাৰা হেপাটাইটিছ চি ভাইৰাছ নাইকিয়া কৰিব পাৰি3

লিভাৰৰ গুৰুত্ব4

লিভাৰ হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰিন অংগ আৰু ই সু-স্বাস্থ্যৰ চাবি-কাঠী। লিভাৰটোৱে 500 তকৈও অধিক ক্ৰিয়া সম্পন্ন কৰে, যেনে:

  • বাইল উৎপন্ন কৰে, যি হজম হোৱা সময়ত চৰ্বি ভঙা কাৰ্য্যত সহায় কৰে।
  • ক’লেষ্টেৰল তথা বিশেষ প্ৰটিনসমূহ উৎপন্ন কৰে আৰু ইয়ে গোটেই শৰীৰত চৰ্বী প্ৰবাহ কৰাত সহায় কৰে।
  • তেজৰ প্লাজমাৰ বাবে কিছুমান বিশেষ প্ৰটিন উৎপন্ন কৰে।
  • অতিৰিক্ত গ্লোকজ গ্লাইক’জেনলৈ (শক্তিৰ ভঁৰাল) ৰূপান্তৰ কৰে।
  • তেজৰ গ্লোকজ আৰু এমিন’ এচিডসমূহ নিয়ন্ত্ৰণ কৰে।
  • বিভিন্ন ঔষধ তথা অনিষ্টকাৰী দ্ৰৱ্যৰপৰা তেজ বিশুদ্ধ কৰে।
  • হিম’গ্লবিন প্ৰচেচিঙৰ লগতে আইৰণ জমা কৰে।
  • বিভিন্ন গোট মৰা কাৰণসমূহ উৎপাদনৰ দ্বাৰা তেজ চেঁকুৰা মৰা কাৰ্য্য সমাপন কৰে।
  • কিছুমান বিশেষ প্ৰতিৰক্ষা উৎপাদন উৎপন্ন কৰি তথা প্ৰবাহিত তেজৰপৰা বেক্টেৰীয়া আঁতৰাই সংক্ৰমন হোৱাত বাধা দিয়ে।

হেপাটাইচিছ কি হয়?

“হেপাটাইটিছ” মানে হৈছে লিভাৰৰ প্ৰদাহ। অত্যাধিক মাত্ৰাত মদ্যপান, বিষাক্ত দ্ৰব্য, কিছুমান ঔষধ আৰু কিছুমান চিকিৎসাজনিত অৱস্থাৰ বাবে হেপাটাইচিছ হ’ব পাৰে। কিন্তু, হেপাটাইটিছ সাধাৰণতে এক ভাইৰাছৰ দ্বাৰা সৃষ্টি হয়।2

হেপাটাইটিছ চি কি হয়?

হেপাটাইটিছ হৈছে এবিধ ভাইৰাছ। যাক সংক্ষেপে HCV বুলি কোৱা হয়। HCV-এ আপোনাৰ লিভাৰত সংক্ৰমণ কৰে আৰু ফলত হেপাটাইটিছ হয়। সংকটজনক হেপাটাইটিছ চি কোনো এজন ব্যক্তিক সংক্ৰমিত হোৱাৰ পাছত প্ৰথম 6 মাহক কোৱা হয়।2 এই সময়চোৱাত সংকটজনক HCV-ত আক্ৰান্ত প্ৰায় 25% লোক সম্পূৰ্ণ সুস্থ হৈ উঠে।5 সংকটজনক সংক্ৰমন অতি কম বা কোনো লক্ষণ নোহোৱাকৈ সাধাৰণ অসুস্থাতাৰপৰা গভীৰ অৱস্থা হ’ব পাৰে য’ত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়।2

সংকটজনক HCV আক্ৰান্ত প্ৰায় 75% লোকৰ ৰ্দীঘ-কালীন বা ক্ৰণিক HCV5 হ’ব পাৰে। সঠিক ঔষধৰ সহায়ত সফল চিকিৎসাৰ অবিহনে ক্ৰণিক HCV যে লিভাৰ চিৰহ’ছিচ (দাগ লগা), লিভাৰৰ কৰ্কট তথা লিভাৰ অকামিলাও কৰিব পাৰে।

ভাৰতত HCV সংক্ৰমন কিমান তীব্ৰতৰ?

ভাৰতত প্ৰায় 100 জন ব্যক্তিৰ ভিতৰত 1 জন ব্যক্তি HCV-ৰ সংক্ৰমিত হয়। এইয়া অনুমান কৰা হৈছে যে 2014-ত ভাৰতত 2,88,000 নতুন HCV সংক্ৰমন হৈছে। অনুমান কৰা হৈছে যে ভাৰতত HCV সম্বন্ধীয় মৃত্যু প্ৰতি বছৰে 96,000-তকৈ বেছি।

assame_liver

HCV-ৰ পৰা হোৱা ৰোগ

HCV-এ আপোনাৰ লিভাৰত কি কৰে?

নিৰোগী লিভাৰ

নিৰোগী লিভাৰ এটা নষ্ট হলেও পুনৰ বৃদ্ধি হ’ব পাৰে বা পুনৰ সৃষ্টি হ’ব পাৰে। ই আপোনাৰ তেজ পৰিস্কাৰ কৰা কাৰ্য্য কৰে, পুষ্টিসমূহ সম্পাদন কৰে তথা সংক্ৰমনৰ সৈতে যুঁজ দিয়ে।2,9

ফাইব্ৰ’চিছ

লিভাৰ ৰোগত, প্ৰদাহ জনিত লিভাৰত স্কাৰ হ’বলৈ আৰম্ভ হয়। এই স্কাৰ কোষবোৰ বৃদ্ধি হয় আৰু স্বাস্থ্যবান লিভাৰ কোষবোৰক সলনি কৰে। এই প্ৰক্ৰিয়াক ফাইব্ৰ’চিছ বুলি কোৱা হয়। এই অৱস্থাত, আপোনাৰ লিভাৰ সুস্থ লিভাৰৰ দৰে কাম নকৰিবও পাৰে।9

চিৰহ’চিছ

চিৰহ’ছিচ হৈছে লিভাৰত দাগ লগা য’ত কঠিন স্কাৰ কোষবোৰ কোমল সুস্থ কোষবোৰক স্থানান্তৰ কৰে। এই অৱস্থাতে যদি চিৰহ’ছিচ চিকিৎসা কৰা নহয়, ই সঠিক কাম নকৰা হয় আৰু লিভাৰ অকামিলাও হৈ যায়।9

কাৰচিন’মা

হেপট’চেলুলাৰ কাৰ্চিন’মা (এইচাচিচি) বা লিভাৰ কৰ্কট হৈছে প্ৰাথমিক প্ৰকাৰৰ লিভাৰ কৰ্কট ৰোগ। কৰ্কট যি লিভাৰৰ ভিতৰত আৰম্ভ হয় তাক প্ৰাথমিক লিভাৰ কৰ্কট ৰোগ বোলা হয়। ই হৈছে লিভাৰত অসুস্থ কোষৰ বৃদ্ধি তথা বিয়পি যোৱা।10

হেপাটাইটিছ চি হোৱাৰ আশংকা কাৰ থাকে?

এজন সংক্ৰমিত ব্যক্তিৰ তেজ আপোনাৰ দেহত প্ৰবেশ কৰিলে আপোনাৰ হেপেটাইটিছ চি হ’ব পাৰে। এইয়া হ’ব পাৰে যেতিয়া আপুনি:

16/09/2025 11:33

এজন সংক্ৰমিত ব্যক্তিৰ ঔষধ লোৱা বেজী ব্যৱহাৰ কৰে।2,11-13

এজন সংক্ৰমিত ব্যক্তিৰ ডাঢ়ি কটা ব্লেড বা দাঁত ব্ৰাছ ব্যৱহাৰ কৰা হৈছিল।1,2,11
2001 চনৰ আগতে যদি ৰক্ত গ্ৰহণ কৰিছিল, যেতিয়া হেপেটাইটিছ চি বা আন সংক্ৰমনৰ বাবে তেজ নিয়মিত ভাৱে পৰীক্ষা কৰা হোৱা নাছিল।1,2,11-13
কেতিয়াবা যদি হিম’ডায়েলাইছিছ কৰা হৈছিল।2,12
হেপেটাইটিছ চি থকা এগৰাকী মাতৃৰপৰা জন্ম লৈছিল (মাতৃৰপৰা সন্তানলৈ সংক্ৰমিত হোৱাৰ 5% সম্ভাৱনা থাকে)।1,2,11-13
কেতিয়াবা যদি কোনো কাৰাগাৰাত কাম কৰিছিল বা কাৰাগাৰত আছিল।2,12
এনে অসংশোধিত সঁজুলিৰ দ্বাৰা টাটু বা ছাল ফুটালে, যি এজন সংক্ৰমিত ব্যক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।1,2,11-13
কেতিয়াবা কেতিয়াবা, যৌন সম্পৰ্কৰ দ্বাৰাও হেপেটাইটিছ চি-ৰ সংক্ৰমন হ’ব পাৰে।1,2,11-13
আন সংক্ৰমিত ব্যক্তিৰ বাবে ব্যৱহাৰ হোৱা বেজীৰ দ্বাৰা অকস্মাতে খোচ খাইছিল।1,2,11-13

আহাৰ সম্বন্ধীয় কিছু উপদেশ

আপোনাৰ আহাৰত নিয়মিত তথা সন্তুলিত খাদ্য থাকিব লাগে, যেনে:14

icon011 গোটা শস্যৰ ৰুটি আৰু চিৰিয়েল।

icon012 প্ৰটিন থকা খাদ্য, যেনে মাংস, মাছ, বাদাম, কণী আৰু গাখীৰৰপৰা তৈয়াৰ কৰা বস্তু।

icon013 অধিক পৰিমাণে পাচলি আৰু ফল-মূল।

icon014 প্ৰচুৰ পৰিমাণে পানী (প্ৰতি দিনে অতি কমেও 6ৰ পৰা 8 গিলাছ)।

সীমিত কৰা বা বাদ দিব লগা বস্তুবোৰ হৈছে:

icon015 অত্যাধিক নিমখ, চেনী আৰু চৰ্বীযুক্ত আহাৰ।

icon016 মদ্যপান।

হেপাটাইটিছ চি কিদৰে সংক্ৰমিত নহয়?

icon017 সংক্ৰমিত ব্যক্তিৰ হাত ধৰা বা কৰমৰ্দন কৰা1,15-16

icon018 স্তন দুগ্ধ, আহাৰ বা পানীৰ দ্বাৰা1,151,15

icon019 কাহ আৰু হাঁচি মৰাৰ দ্বাৰা1-16

icon020 সকলোৱে ব্যৱহাৰ কৰা চুইমিং পুল আৰু চউনাৰ ব্যৱহাৰ1-16

icon021 সাৱতি ধৰা, চুমা খোৱা আৰু একেলেগ শুৱা1-16 

icon022 আনে ব্যৱহাৰ কৰা বাচন-বৰ্তন আৰু গিলাছ ব্যৱহাৰ কৰা1-16

icon023 একেটা শৌচাগাৰ আৰু স্নানাগাৰ ব্যৱহাৰ কৰা1-16

icon024 আনৰ কাপোৰ পিন্ধা1-16

মোৰ HCV আছে নে নাই সেইয়া মই কেনেকৈ জানিম?

HCV আছে নে নাই সেইয়া জনাৰ একমাত্ৰ উপায় হৈছে পৰীক্ষা কৰোৱা। চিকিৎসকে দুটা পৰীক্ষাৰে HCV চিনাক্ত কৰে।2,11

16/09/2025 11:33

a. এটা হৈছে এণ্টিবডিৰ বাবে তেজ পৰীক্ষা কৰা- ভাইৰাছৰ বিপক্ষে দেহৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ দ্বাৰা তৈয়াৰ হোৱা প্ৰটিনসমূহ।2-11

b. পৰীক্ষা যি RNA নামৰ এক দ্ৰব্য নিৰিক্ষণ কৰে যি ভাইৰাছটোৱে নিজেই প্ৰস্তুত কৰে।2-11

এণ্টিবডি পৰীক্ষাৰ ফলাফল নেতিবাচক হোৱা বেচিভাগ লোকৰ HCV সংক্ৰমন নাই আৰু সেইবাবে তেওঁলোকক অতিৰিক্ত পৰীক্ষাৰ প্ৰয়োজন নাই।11

অস্বীকাৰপত্ৰ:

ইয়াত প্ৰকাশিত বিষয়টো সম্পূৰ্ণৰূপে হেপাটাইটিছ সম্পৰ্কীয় তথ্য আৰু জ্ঞান বৃদ্ধিৰ উদ্দেশ্যৰ বাবেহে। যিকোনো তৃতীয় পক্ষৰ প্ৰসংগ আৰু/ বা লিংকৰ অৰ্থ এইয়া নহয় যে ই মাইলেনেৰ দ্বাৰা অনুমোদিত বা মাইলেনে ৱাৰেণ্টি দিয়ে। ইয়াত সন্নিবিষ্ট তথ্য সঠিক আৰু আপ-টু-ডেট হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হৈছে যদিও, মাইলেনে ইয়াত বিতংভাৱে বৰ্ণনা কৰা সমলৰ জৰিয়তে প্ৰচাৰিত যিকোনো তথ্যৰ শুদ্ধতাৰ বাবে কোনো প্ৰতিনিধিত্ব নকৰে আৰু ত্ৰুটি, বাদ হোৱা তথ্য আৰু ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ব্যৱহাৰৰ ফলত হোৱা কোনো ধৰণৰ আইনী বা অন্য কোনো পৰিণামৰ বাবে দায়বদ্ধ নহ'ব আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা যিকোনো দায়িত্ব স্পষ্টভাৱে প্ৰত্যাহাৰ কৰে।

হেপাটাইটিছৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। আপোনাৰ চিকিৎসক হৈছে আপোনাক পথ প্ৰদৰ্শন কৰাৰ বাবে উত্তম ব্যক্তি। ইয়াত প্ৰদান কৰা তথ্য, আপোনাৰ চিকিৎসকে প্ৰদান কৰা চিকিৎসা পৰামৰ্শৰ সলনি নহয়

  1. NHS Hepatitis C Symptoms. Available from: http://www.nhs.uk/Conditions/Hepatitis-C/Pages/Symptoms aspx. Accessed on 22nd February 2015.
  2. CDC, Hepatitis C General information. Available from: http://www.cdc.gov/hepatitis/HCV/PDFs/HepCZGeneralFactSheet.pdf. Accessed on 22nd March 2015.
  3. Treatment of Hepatitis C Up to date. Available at https://www.uptodate.com/contents/hepatitis-c-beyond-thebasics#H17555986. Accessed on 17th Dec 2018.
  4. Health library. Liver Anatomy and Functions. Johns Hopkins Medicine. Available at https://www.hopkingmedicine.org/healthbrary/conditions/liverbillary_and_pancreatic_disorders/liver_anatomy_and_functions_85,P00676. Accessed on 26th Dec. 2018.
  5. Behzad Hajarizadeh, Jason Grebely. Gregory J. Dore. Epideminology and natural history of HCV infection. Nat Rev Gastroentrola Hepatol 2013;10(9):553-62.
  6. Puri P. Anand AC, Saraswat VA, Acharya SK, Dhiman RK, Aggrawal R. et. at. Consensus Statement of HCV Task Force of the Indian National Association for Study of the Liver (NASL). Part I: Status Report of HCV infection in India. J Clin Exp. Hepatol 2014;4(2):106-116.
  7. Dhiman RK. Future of therapy for Hepatitis C in India. A matter of Accessibility and Affordibility ? J Clin Exp Hepatol 2014:4(2) 85-6.
  8. Amirthalingam R and Pavalakodi VN. Prevalence of HIV 1, HCV and HBV infections among inhabitants in Chennai City at Hi-tech Center, Tamil-Nadu-India Medical Science 2013;3(8)24-28.
  9. The progression of Liver Disease. American Liver Foundation. Available at https://liverfoundation.org./forpatients/about the-river/the-progression-of-river-disease/#1503432164252-f19f7e9c-0374. Accessed on 20th Dec 2018.
  10. Liver Cancer American Liver Foundation. Available at https://liverfoundation.org/for/patients/about-the-river/disease-of the liver/liver-cancer/ Accessed on 20th Dec 2018.
  11. Chopra S. Patient education: Hepatitis C (Beyond the Basics) Up To Date. Available from http://www.uptodate.com/contents/hepatitis-c-beyond-the basics. Accessed on 22nd March 2015.
  12. NIH. What I need to know about Hepatitis C. Available from http://www.niddk.nih.gov/health/information/health - topics/liver-disease/hepatitis-c-Pages/ez.aspx. Accessed on 22nd March 2014.
  13. CDC Hepatitis C Information for the Public. Available from : http://www.cdc.gov/hepatitis/c/cfaq.htm.
  14. Viral Hepatitis, Diet and Nutrition: Entire Lesson. United States Department of Veterans Affairs. Available at https://www.hepatitis.va.gov/patient/daily/diet/single-page.asp. Accessed on 26th Dec 2018.
  15. Hepatitis C. Key Facts World Health Organization, Retrieved from https://www.who.int/news-room/factsheets/detail/hepatitis-c. Accessed on 11th Dec 2018.
  16. How hepatitis C is not transmitted. Hepatitis C: Transmission and prevention. infohep. Available at http://www.infohep.org/How-hepatitis-C-is-not-transmitted/page/2620968. Accessed on 11th Dec. 2018.